top of page

'ROI ROI BINALE' 2D ANIMATION : O' HEN ART STUDIO : ART APPRECIATION ‘ৰৈ ৰৈ বিনালে’ গীতৰ দ্বিবিমীয় (টু ডি) চলন্তচিত্ৰ (এনিমেশ‍্যন): অ’ হেন আৰ্ট ষ্টুডিঅ’: এক শিল্পাভিমূল‍্যন

  • Writer: ohenart
    ohenart
  • Dec 7, 2025
  • 2 min read

Updated: Dec 10, 2025

'ROI ROI BINALE' A MUSICAL 2D ANIMATION : A TRIBUTE TO ZUBEEN GARG
'ROI ROI BINALE' A MUSICAL 2D ANIMATION : A TRIBUTE TO ZUBEEN GARG


'ROI ROI BINALE' A MUSICAL 2D ANIMATION : A TRIBUTE TO ZUBEEN GARG :



চৰাই পৰিভ্ৰমণৰ এক ৰূপক। ডেউকা - চৰাই- চিলা - পৰিভ্ৰমণ - নৈ । চৰাইজনী এক বিধস্ত ডেউকা ভাঙি যাব খোজা জৰ্জৰিত সময়ত ইতিমধ‍্যেই সোমাই পৰিছে। বতাহ, ডাৱৰৰ লহৰত ৰাতিৰ বুকুত জৰ্জৰিত ডেউকাক ভাৰসাম‍্য দিবলৈ আপ্ৰাণ চেষ্টা। ঈগলৰূপী সেই চৰাই দুৰ্বল নহয়, সি নিজৰ ডেউকাৰ কঁপনিৰে ৰাতিৰ নৈ এখনক স্পৰ্শ কৰে। ৰাতিৰ সেই নৈ আৰু ঈগল- বিলীন। দুয়োৰে গভীৰতা, দুখ, বেদনা, সপোন, আন্তৰিকতা, আত্মীয়তা, আৱেগ যেন একাকাৰ। দুয়োৰে বাবে ৰাতিপুৱা যেন এক অনাকাংক্ষিত আকাংক্ষা।


ৰাতি নিজেই এক শৰীৰ, ৰাতি নিজেই এক চৰিত্ৰ। ৰাতি নিজেই ৰাতি, সেই চৰায়ো ৰাতি- অথচ দুয়ো বিনায় নিজৰে পৰা নিজৰ মুক্তিৰ বাবে; প্ৰতি ৰাতি , অহোৰাত্ৰি।


গভীৰ দুৰ্দান্ত সপোনবিলাসী উৰন্ত ঈগলৰ- বাৰে বাৰে ৰূপৰ পৰিৱৰ্তন হ’ব খোজে- নোহোৱা কথাবোৰ হয়, নভবা কথাবোৰ ঘটে, যেন ওলোটা এখন নৈ, যি নিজৰ বিস্তাৰ ভাঙিও যি নিজৰ পৰিচক্ৰৰ পৰিধিতো উত্তাল নহয়, অথচ নীৰৱো নহয়।


পোহৰৰ যি আৱাহন, সি ৰাতিৰ মাজতেই আছে, অথচ সেই পোহৰ মৰীচিকাৰো অস্পষ্ট ৰূপ— নৈৰ লহৰভঙা পকনীয়াত, আশ্বাসৰ দাঁতিৰ পৰা আকৌ উৰন্ত আকাশমুখী ঈগল; যেন অসীমেই সীমা— নৈখন কেৱল ‘এখন ঘৰৰ এখন বুকুৰ এখন স্বকীয় পৃথিৱীৰ প্ৰতিচ্ছবি।’ নৈ অসীম, ৰাতি অসীম, জীৱন অসীম— কিন্তু কোন সুঁতিত নিজৰ বাবে প্ৰাণ— সেয়া বুজিবলৈ ঈগলৰ অৱিৰত যাত্ৰা। ব‍্যৰ্থ নোহোৱাকৈ এই যাত্ৰাই সেই অপৰূপ সপোনৰ অগণন আকাশৰ তৰপে তৰপে খুন্দিয়াই দিগন্তৰ চৌদিশ ভেদি বিচাৰি পায় — নিজৰ সুৰ তোলা নৈৰ বিশেষ সুঁতি— নিজা ঘৰ, এবুকু ভালপোৱা ;— য’ত ৰাতিয়েও আন্ধাৰ আনিব নোৱাৰে, আন্ধাৰেও ৰাতিক আনিব নোৱাৰে — ব্ৰহ্মপুত্ৰ; ইয়েই যেন সেই চূড়ান্ত সময়ৰ আৰম্ভণীৰ এপলক।


এয়া এনে সময়, পোহৰ চোৱাৰ নহয়; নিজেই এক পোহৰ হোৱাৰ , পোহৰেৰে পোহৰোৱাৰ, গভীৰতাক ভেদ কৰাৰ- ৰাতিক উদ্‍যাপন কৰাৰ, নিজতে নিজে বিলীন হোৱাৰ- নিজকে পাহৰি যোৱাৰ । নিজক বিচাৰি নোপোৱাৰ যি অৱাণ্ছিত আকাংক্ষা আছিল— তাক নাপায়ো ব‍্যথিত নহয় সেই বলিষ্ঠ ডেউকাৰ নিৰ্ভেজাল চৰাই। যদি স্বপ্নক স্বপ্ন যেন বোধ হয়, তেন্তে সেই স্বপ্ন যেন হওক দিৱাস্বপ্ন।


প্ৰতাৰিত সপোনে ডেউকা ভাঙি আকৌ জন্ম দিয়ে দিগন্তৰ অসীমলৈ ঢুকি নোপোৱা — সম্ভাৱনাৰ অলেখ খোজৰ; যাৰ সাঁচত পৃথিৱীৰ প্ৰতিটো সত্তা জাগি উঠাৰ, নিজেই নিজৰ পোহৰ হোৱাৰ আৰম্ভণী।


সেই সত্তা— যি ধ্ৰুৱক; সেই সত্তা, সেই অৱিৰত চলন্ত ধ্ৰুৱক— জুবিন গাৰ্গ।




 
 
 

Comments


House No 11, Pinaki Path, Zoo Road Tiniali, Guwahati, Assam 781003

Email: ohenart@gmail.com

Tel: +91 7032710561

  • Instagram
  • Facebook
  • YouTube
  • LinkedIn
bottom of page